ধিঙৰ ক্ষতিগ্ৰস্ত পৰিয়াললৈ বিধায়ক মেহবুব মোক্তাৰৰ সহায়ৰ হাত

এই দুৰ্ঘটনাত পৰিয়ালটোৰ বাসগৃহ সম্পূর্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ঘৰৰ নগদ ধন, হাঁহ-কুকুৰা, গৰু-ছাগলীসহ প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি নিমিষতে ছাই হৈ পৰে।

ডিজিটেল সংবাদ,ধিংঃ   ধিং সমষ্টিৰ পটিয়া চাপৰি-ৰৌমাৰী গাঁও পঞ্চায়তৰ বৰ’ৰাধাআটীত সম্প্ৰতি সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত সৰ্বস্ব হেৰুওৱা আকবৰ আলীৰ পৰিয়ালটোৰ কাষত আৰ্থিক সাহায্যৰে আশ্ৰয়ৰ হাত আগবঢ়াইছে ধিং সমষ্টিৰ বিধায়ক মেহবুব মোক্তাৰে।

উল্লেখ্য যে, যোৱা ১৯ ছেপ্টেম্বৰৰ নিশা আকবৰ আলীৰ বাসগৃহত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি এক অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাত পৰিয়ালটোৰ বাসগৃহ সম্পূর্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ঘৰৰ নগদ ধন, হাঁহ-কুকুৰা, গৰু-ছাগলীসহ প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি নিমিষতে ছাই হৈ পৰে।

ইপিনে ঘটনাৰ খবৰ পোৱাৰ লগে লগে বিধায়ক মেহবুব মোক্তাৰে স্থানত উপস্থিত হৈ দুৰ্দশাগ্ৰস্ত পৰিয়ালটোক তাৎক্ষণিকভাৱে নিজাববীয়াকৈ আৰ্থিক সাহায্য আগবঢ়ায়। কেৱল প্ৰতিশ্ৰুতিতে আৱদ্ধ নাথাকি, ঘটনাৰ মাত্ৰ দুদিনৰ পিছতে পৰিয়ালটোৱে নতুনকৈ বাসস্থান নিৰ্মাণ কৰিব পৰাকৈ টিনপাতৰ ব্যৱস্থা কৰি দিয়ে। ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি বিধায়কগৰাকীয়ে আকবৰ আলীৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫০ হাজাৰ টকাৰ এখন সাহায্য চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

বিপদৰ সময়ত বিধায়কজনৰ এনে সঁহাৰি আৰু ধাৰাবাহিক সহায় লাভ কৰি আবেগিক হৈ পৰে ভুক্তভোগী পৰিয়ালটোৰ মূৰব্বী আকবৰ আলী। স্থানীয় ৰাইজেও বিধায়ক মেহবুব মোক্তাৰৰ এই জনহিতকৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে।  ইফালে, যোৱা ২২ ছেপ্টেম্বৰত ধিং সমষ্টিৰে লেৰুৱামুখতো সংঘটিত অন্য এক অগ্নিকাণ্ডত প্ৰায় ছটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ছাই হৈ গৈছিল।

আজি বিধায়কগৰাকীয়ে লেৰুৱামুখৰ ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাকো মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। দুৰ্যোগৰ মুহূৰ্তত সমষ্টিবাসীৰ কাষত থিয় দি এনেদৰে সাহায্য আগবঢ়োৱা বিধায়ক মেহবুব মোক্তাৰৰ সক্ৰিয় ভূমিকাক লৈ এতিয়া ধিং সমষ্টিজুৰি ব্যাপক চৰ্চা তথা প্ৰশংসা চলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

©2026. All rights reserved. Designed by Aakha Technology .