বিশ্বনাথ ঘাটৰ পৰা শুভাৰম্ভ ব্ৰহ্মপুত্ৰ নৌ-অভিযান ‘MENU 2026’

বীৰ লাচিত বৰফুকনৰ বীৰত্ব আৰু সাহসক সোঁৱৰণ কৰি আজি বিশ্বনাথ ঘাটৰ পৰা শুভাৰম্ভ কৰা হ’ল ব্ৰহ্মপুত্ৰ নৌ-চালন অভিযান ‘মেনু ২০২৬’ (MENU 2026)।

ডিজিটেল সংবাদ, বিশ্বনাথঃ বীৰ লাচিত বৰফুকনৰ বীৰত্ব আৰু সাহসক সোঁৱৰণ কৰি আজি বিশ্বনাথ ঘাটৰ পৰা শুভাৰম্ভ কৰা হ’ল ব্ৰহ্মপুত্ৰ নৌ-চালন অভিযান ‘মেনু ২০২৬’ (MENU 2026)।

উত্তৰ-পূব অঞ্চলৰ NCC সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত এই অভিযানত ৪৮ আৰু ৪৯ নং অসম নেভেল ইউনিট NCCৰ মুঠ ১০০ গৰাকী ছিনিয়ৰ ডিভিজন আৰু ছিনিয়ৰ উইং কেডেটে অংশগ্ৰহণ কৰিছে।
আজিৰ এই শুভাৰম্ভ অনুষ্ঠানত বিশ্বনাথৰ জিলা অতিৰিক্ত আয়ুক্ত অসীম বুঢ়াগোহাঁই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আনুষ্ঠানিকভাৱে এই অভিযানৰ Flag-off কৰে NCCৰ ৫ অসম বেটেলিয়নৰ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ মায়ং বেদে।

Capturevs

১০ দিনীয়া এই ৰোমাঞ্চকৰ অভিযানত কেডেটসকলে ৬ খন জিলা – বিশ্বনাথ, শোণিতপুৰ, নগাঁও, দৰং, মৰিগাঁও আৰু কামৰূপ মেট্ৰ’ৰ মাজেৰে মুঠ ২৪৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। অহা ৬ নৱেম্বৰত গুৱাহাটীৰ পাণ্ডু বন্দৰত এই যাত্ৰাৰ সামৰণি পৰিব। যাত্ৰাপথত কেডেটসকলে বিভিন্ন স্থানত স্বচ্ছতা অভিযান, মাদক দ্ৰব্য নিবাৰণী সজাগতা আৰু বাটৰ নাটৰ জৰিয়তে লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু বীৰগাথা প্ৰদৰ্শন কৰিব।

অভিযানটোৰ নেতৃত্বত আছে ৪৮ নং অসম নেভেল ইউনিটৰ বিষয়া লেফটেনেণ্ট কমাণ্ডাৰ তিলেশ্বৰ নাথ আৰু তেওঁক সহায় কৰিছে নিৰাপত্তা বিষয়া লেফটেনেণ্ট কমাণ্ডাৰ মহম্মদ ফাৰহানে। নিৰাপত্তাৰ বাবে SDRF আৰু অন্যান্য উদ্ধাৰকাৰী দলৰ নাও সংলগ্ন কৰা হৈছে। এই অভিযানে উত্তৰ-পূবৰ যুৱপ্ৰজন্মৰ মাজত দুঃসাহসিক ক্ৰীড়া, দলবদ্ধ কাম আৰু অনুশাসনৰ মনোভাৱ গঢ়ি তুলিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

©2026. All rights reserved. Designed by Aakha Technology .