সততা, স্বচ্ছতা আৰু নৈতিকতাৰ প্ৰসাৰ তথা দুৰ্নীতিৰ বিৰুদ্ধে জনসজাগতা সৃষ্টিৰ লক্ষ্যৰে ইণ্ডিয়ান বেংকৰ গুৱাহাটী মণ্ডলৰ উদ্যোগত আজি ‘সতর্কতা সজাগতা সপ্তাহ ২০২৬’ উপলক্ষে….
ডিজিটেল ডেস্ক: সততা, স্বচ্ছতা আৰু নৈতিকতাৰ প্ৰসাৰ তথা দুৰ্নীতিৰ বিৰুদ্ধে জনসজাগতা সৃষ্টিৰ লক্ষ্যৰে ইণ্ডিয়ান বেংকৰ গুৱাহাটী মণ্ডলৰ উদ্যোগত আজি ‘সতর্কতা সজাগতা সপ্তাহ ২০২৬’ উপলক্ষে গুৱাহাটীৰ সতী ৰাধিকা স্মৃতি উদ্যানস্থিত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত এক সজাগতা পদযাত্ৰাৰ আয়োজন কৰা হয়।
ইণ্ডিয়ান বেংকৰ গুৱাহাটী ক্ষেত্ৰীয় মহাপ্ৰবন্ধক বিনু জে. পিল্লাইৰ উপস্থিতিত অনুষ্ঠিত এই পদযাত্ৰাত বেংকটোৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত গুৱাহাটী ক্ষেত্ৰীয় মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ উপ-মহাপ্ৰবন্ধক সচিকান্ত দাস, সহকাৰী মহাপ্ৰবন্ধক চন্দনেশ্বৰ গোস্বামী, গুৱাহাটী মণ্ডলৰ মুৰব্বী আলোক কুমাৰ আৰু লাখটকীয়া শাখাৰ সহকাৰী মহাপ্ৰবন্ধক গণেশ মহাপাত্ৰৰ লগতে গুৱাহাটীৰ বিভিন্ন শাখা আৰু কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
পদযাত্ৰাত অংশগ্ৰহণকাৰীসকলে হাতে হাতে সজাগতামূলক প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানৰ জৰিয়তে সততা, স্বচ্ছতা, নৈতিকতা আৰু দুৰ্নীতিৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণৰ বাৰ্তা প্ৰচাৰ কৰে। ব্ৰহ্মপুত্ৰৰ পাৰৰ মনোমোহা পৰিৱেশত অনুষ্ঠিত এই কাৰ্যসূচীয়ে বেংকৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে সেই সময়ত ৰিভাৰ ফ্ৰণ্টত উপস্থিত থকা সাধাৰণ নাগৰিকসকলৰ মাজতো সজাগতাৰ বাৰ্তা বিয়পাই দিয়ে।
উল্লেখ্য যে, সতর্কতা সজাগতা সপ্তাহ উপলক্ষে আয়োজিত এই পদযাত্ৰা কেৱল এক প্ৰতীকী কাৰ্যসূচীতে সীমাবদ্ধ নাথাকি সততা আৰু নৈতিকতাৰ মূল্যবোধক সমাজৰ প্ৰতিটো স্তৰলৈ লৈ যোৱাৰ এক সামূহিক প্ৰয়াস হিচাপে বিবেচিত হৈছে। কৰ্মক্ষেত্ৰৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনলৈকে প্ৰতিগৰাকী ব্যক্তিয়ে সততা, স্বচ্ছতা আৰু দায়িত্ববোধক অগ্ৰাধিকাৰ দিলেহে এখন দুৰ্নীতিমুক্ত, ন্যায়সংগত আৰু বিশ্বাসযোগ্য সমাজ গঢ়ি তোলা সম্ভৱ।
ইণ্ডিয়ান বেংকৰ এই পদক্ষেপে দুৰ্নীতিৰ বিৰুদ্ধে জনসজাগতা বৃদ্ধি কৰাৰ লগতে নাগৰিকসকলক নৈতিক মূল্যবোধৰ প্ৰতি দায়বদ্ধ হৈ এখন স্বচ্ছ, বিশ্বাসযোগ্য আৰু দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ দিশত ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ আহ্বান জনায়।